ছূৰা 41 · জুজ 24

Fussilat · 41:39

وَمِنْ آيَاتِهِ أَنَّكَ تَرَى الْأَرْضَ خَاشِعَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ ۚ إِنَّ الَّذِي أَحْيَاهَا لَمُحْيِي الْمَوْتَىٰ ۚ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

তাফছীৰ

আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্বৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠিন কাম নহয়, ঠিক সেইদৰে মৃত লোকসকলকো কবৰৰ পৰা জীৱিত কৰাটোও তেওঁৰ পক্ষে কোনো কঠিন বিষয় নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক