ছূৰা 41 · জুজ 24

Fussilat · 41:24

فَإِنْ يَصْبِرُوا فَالنَّارُ مَثْوًى لَهُمْ ۖ وَإِنْ يَسْتَعْتِبُوا فَمَا هُمْ مِنَ الْمُعْتَبِينَ

এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।

তাফছীৰ

যিসকলৰ বিৰুদ্ধে সিহঁতৰ চকু, কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁতে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। আনহাতে যদি সিহঁতে শাস্তি উঠাই লবলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁতে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক