ছূৰা 41 · জুজ 24
Fussilat · 41:25
۞ وَقَيَّضْنَا لَهُمْ قُرَنَاءَ فَزَيَّنُوا لَهُمْ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِنَ الْجِنِّ وَالْإِنْسِ ۖ إِنَّهُمْ كَانُوا خَاسِرِينَ
আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সেয়া সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
তাফছীৰ
আমি সেই কাফিৰসকলৰ বাবে চয়তানৰ মাজৰ পৰা কিছুমানক সিহঁতৰ সঙ্গী নিৰ্ধাৰণ কৰি দিছিলোঁ, যিবোৰে সদায় সিহঁতৰ লগত থাকিছিল। সেইবোৰেই সিহঁতৰ পাৰ্থিৱ জীৱনৰ বেয়া কৰ্মবোৰক সিহঁতৰ বাবে শোভনীয় কৰি উপস্থাপন কৰিছিল। আনহাতে সিহঁতৰ পিছফালে থকা আখিৰাতৰ বিষয়টোক পাহৰাই দিছিল আৰু ইয়াৰ প্ৰস্তুতিৰ পৰা সিহঁতক অমনোযোগী কৰি তুলিছিল। এতেকে সিহঁতৰ পূৰ্বে পাৰ হৈ যোৱা মানৱ আৰু জিন জাতিৰ মাজৰ সেই লোকসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত লোক, যিসকলে নিজৰ আৰু নিজ পৰিয়ালৰ লোকচান কৰি কিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক