ছূৰা 41 · জুজ 24
Fussilat · 41:22
وَمَا كُنْتُمْ تَسْتَتِرُونَ أَنْ يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَا أَبْصَارُكُمْ وَلَا جُلُودُكُمْ وَلَٰكِنْ ظَنَنْتُمْ أَنَّ اللَّهَ لَا يَعْلَمُ كَثِيرًا مِمَّا تَعْمَلُونَ
গোপনে অপকৰ্ম কৰাৰ সময়ত তোমালোকে ভবা নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব, বৰং তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।
তাফছীৰ
পাপকৰ্ম কৰাৰ সময়ত তোমালোকে ভৱাও নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও এসময়ত তোমালোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, কাৰণ তোমালোকে মৃত্যুৰ পিছত হিচাপ-নিকাচ, ছোৱাব আৰু শাস্তিৰ বিষয়ে বিশ্বাসে কৰা নাছিলা। আনকি তোমালোকে ভাৱিছিলা যে, আল্লাহে তোমালোকৰ অধিকাংশ কৰ্ম সম্পৰ্কে অৱগতই নহয়, বৰং সেইবোৰ তেওঁৰ পৰা গোপন হৈ আছে। তোমালোকৰ এই ধাৰণাই তোমালোকক প্ৰৱঞ্চনা কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক