ছূৰা 41 · জুজ 24

Fussilat · 41:21

وَقَالُوا لِجُلُودِهِمْ لِمَ شَهِدْتُمْ عَلَيْنَا ۖ قَالُوا أَنْطَقَنَا اللَّهُ الَّذِي أَنْطَقَ كُلَّ شَيْءٍ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍ وَإِلَيْهِ تُرْجَعُونَ

আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্তাই সকলোকে বাকশক্তি দিছে। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা’।

তাফছীৰ

কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰথমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক