ছূৰা 41 · জুজ 24
Fussilat · 41:20
حَتَّىٰ إِذَا مَا جَاءُوهَا شَهِدَ عَلَيْهِمْ سَمْعُهُمْ وَأَبْصَارُهُمْ وَجُلُودُهُمْ بِمَا كَانُوا يَعْمَلُونَ
অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ একেবাৰে সন্নিকটত উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।
তাফছীৰ
অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি উপস্থিত হ’ব, য’ত সিহঁতক খেদি লৈ অহা হ’ব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অস্বীকাৰ কৰিব। কিন্তু সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু সিহঁতৰ শৰীৰৰ ছাল আদিয়ে পৃথিৱীত কৰা সিহঁতৰ কুফৰী আৰু গুনাহৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক