ছূৰা 41 · জুজ 24
Fussilat · 41:19
وَيَوْمَ يُحْشَرُ أَعْدَاءُ اللَّهِ إِلَى النَّارِ فَهُمْ يُوزَعُونَ
আৰু যিদিনা আল্লাহৰ শত্ৰু বিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেই দিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।
তাফছীৰ
যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁতৰ প্ৰথমৰ পৰা শেষ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁতে জাহান্নামৰ পৰা পলায়ন কৰিব নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক