ছূৰা 40 · জুজ 24
Ghafir · 40:9
وَقِهِمُ السَّيِّئَاتِ ۚ وَمَنْ تَقِ السَّيِّئَاتِ يَوْمَئِذٍ فَقَدْ رَحِمْتَهُ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, অৱশ্যে তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই মহাসফলতা!’
তাফছীৰ
তথা তেওঁলোকক তেওঁলোকৰ বেয়া কৰ্মৰ দুষ্পৰিণামৰ পৰা সুৰক্ষা প্ৰদান কৰা, সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক শাস্তি নিবিহিবা। এই কথা নিশ্চিত যে, কিয়ামতৰ দিনা যাক তুমি বেয়া কৰ্মৰ শাস্তিৰ পৰা সুৰক্ষিত ৰাখিবা, তেওঁ নিশ্চয় ৰহমতপ্ৰাপ্ত। দৰাচলতে শাস্তিৰ পৰা ৰক্ষা পোৱা আৰু জান্নাতত প্ৰৱেশ কৰাৰ কৃপা আদিয়েই হৈছে মহা সফলতা। কোনো সফলতাৰেই ইয়াক তুলনা কৰিব নোৱাৰি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক