ছূৰা 40 · জুজ 24
Ghafir · 40:10
إِنَّ الَّذِينَ كَفَرُوا يُنَادَوْنَ لَمَقْتُ اللَّهِ أَكْبَرُ مِنْ مَقْتِكُمْ أَنْفُسَكُمْ إِذْ تُدْعَوْنَ إِلَى الْإِيمَانِ فَتَكْفُرُونَ
নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈয়ো ডাঙৰ আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁতে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎসনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁতক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বিত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বিত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা। আৰু তেওঁৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক