ছূৰা 40 · জুজ 24
Ghafir · 40:8
رَبَّنَا وَأَدْخِلْهُمْ جَنَّاتِ عَدْنٍ الَّتِي وَعَدْتَهُمْ وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۚ إِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ
‘হে আমাৰ ৰব! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
ফিৰিস্তাসকলে কয়ঃ হে আমাৰ প্ৰতিপালক! মুমিনসকলক সেই চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা, যি জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা। তেওঁলোকৰ সৈতে তেওঁলোকৰ পূৰ্বপুৰুষ, স্ত্ৰী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে নেক আমল কৰিছিল, তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহা পৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তুমি যোগান ধৰাত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক