ছূৰা 40 · জুজ 24

Ghafir · 40:7

الَّذِينَ يَحْمِلُونَ الْعَرْشَ وَمَنْ حَوْلَهُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيُؤْمِنُونَ بِهِ وَيَسْتَغْفِرُونَ لِلَّذِينَ آمَنُوا رَبَّنَا وَسِعْتَ كُلَّ شَيْءٍ رَحْمَةً وَعِلْمًا فَاغْفِرْ لِلَّذِينَ تَابُوا وَاتَّبَعُوا سَبِيلَكَ وَقِهِمْ عَذَابَ الْجَحِيمِ

যিসকলে আৰছ ধাৰণ কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে আৰু তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! তুমিয়েই দয়া আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি ৰাখিছা। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।

তাফছীৰ

হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্টন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে অনুচিত। তেওঁলোকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁলোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু তোমাৰ ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জনা কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনুসৰণ কৰিছে। তথা তেওঁলোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক