ছূৰা 40 · জুজ 24

Ghafir · 40:84

فَلَمَّا رَأَوْا بَأْسَنَا قَالُوا آمَنَّا بِاللَّهِ وَحْدَهُ وَكَفَرْنَا بِمَا كُنَّا بِهِ مُشْرِكِينَ

তাৰ পিছত সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পালে তেতিয়া ক’লে, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো’।

তাফছীৰ

কিন্তু যেতিয়া সিহঁতে আমাৰ শাস্তিক নিজ চকুৰে প্ৰত্যক্ষ কৰিলে তেতিয়া সিহঁতে স্বীকাৰ কৰিলে, কিন্তু এই সময়ত স্বীকাৰ কৰাৰ কোনো লাভ নাই, সিহঁতে স্বীকাৰ কৰি ক’লেঃ আমি এক আল্লাহৰ প্ৰতি ঈমান আনিলোঁ, আৰু তেওঁৰ বাহিৰে আমি যিবোৰ অংশীদাৰ স্থাপন কৰিছিলোঁ তথা যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰিছিলোঁ সেইবোৰক অসত্য বুলি ঘোষণা কৰিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক