ছূৰা 40 · জুজ 24
Ghafir · 40:85
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
তাফছীৰ
আমাৰ শাস্তি অৱতীৰ্ণ হোৱা দেখি ঈমান পোষণ কৰাটো সিহঁতৰ বাবে লাভদায়ক নাছিল। আল্লাহৰ এই নীতি পূৰ্বৰে পৰা চলি আহিছে যে, শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো লাভ নিদিব। কাফিৰসকলে নিজকে বিনাশৰ গৰালত ঠেলি দি ক্ষতিগ্ৰস্ত হৈছে, কাৰণ সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ আগত তাওবা কৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক