ছূৰা 40 · জুজ 24

Ghafir · 40:83

فَلَمَّا جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَرِحُوا بِمَا عِنْدَهُمْ مِنَ الْعِلْمِ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ

সিহঁতৰ ওচৰত যেতিয়া সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে (সেয়া অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দি হ’ল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।

তাফছীৰ

এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ আগমন কৰিছিল তেতিয়া সিহঁতে অস্বীকাৰ কৰিছিল। তথা সিহঁতে ৰাছুলসকলে লৈ অহা জ্ঞানৰ বিপৰীতে সেই জ্ঞানকে খামুচি ধৰিলে যিটো সিহঁতৰ ওচৰত আছিল, তথা সিহঁতৰ এই জ্ঞান ৰাছুলসকলে লৈ অহা শিক্ষাৰ বিপৰীত আছিল। এতেকে সিহঁতৰ ওপৰত সেই শাস্তিটোৱে নামি আহিল, যি শাস্তিৰ পৰা সিহঁতৰ ৰাছুলসকলে সিহঁতক সতৰ্ক কৰিছিল আৰু যি শাস্তিক সিহঁতে ইতিপূৰ্বে উপহাস কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক