ছূৰা 40 · জুজ 24

Ghafir · 40:82

أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ كَانُوا أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةً وَآثَارًا فِي الْأَرْضِ فَمَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يَكْسِبُونَ

সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈয়ো সংখ্যাগৰিষ্ঠ আৰু শক্তি ও কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।

তাফছীৰ

এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি নাচায় নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে, পূৰ্বৱৰ্তী অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল আৰু তাৰ পৰা শিক্ষা ল’লেহেঁতেন? পূৰ্বৱৰ্তী সেই উম্মতবোৰৰ লোকসকল ইহঁততকৈও অধিক সন্তানৰ অধিকাৰী আৰু অধিক শক্তিশালী আছিল, লগতে সিহঁতে পৃথিৱীত পদচিহ্নও বহুত এৰি থৈ গৈছে। কিন্তু সিহঁতৰ সেই শক্তিয়েও সিহঁতক আল্লাহৰ বিনাশকাৰী শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক