ছূৰা 40 · জুজ 24
Ghafir · 40:65
هُوَ الْحَيُّ لَا إِلَٰهَ إِلَّا هُوَ فَادْعُوهُ مُخْلِصِينَ لَهُ الدِّينَ ۗ الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে।
তাফছীৰ
তেওঁ চিৰঞ্জীৱ, কেতিয়াও মৃত্যুবৰণ নকৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তোমালোকে সকলো প্ৰকাৰ দুআ তথা প্ৰাৰ্থনা একমাত্ৰ তেওঁৰ ওচৰতেই কৰা, ইবাদতৰ বাবেই হওক অথবা প্ৰয়োজনৰ বাবে। লগতে তেওঁৰ সৈতে তেওঁৰ কোনো সৃষ্টিক অংশীদাৰ স্থাপন নকৰিবা। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক