ছূৰা 40 · জুজ 24

Ghafir · 40:64

اللَّهُ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ قَرَارًا وَالسَّمَاءَ بِنَاءً وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُمْ مِنَ الطَّيِّبَاتِ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ ۖ فَتَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ

আল্লাহ, যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি দিছে তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। এতেকে সৃষ্টিজগতৰ ৰব আল্লাহ কিমান যে বৰকতময়!

তাফছীৰ

হে মানৱজাতি! আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাসযোগ্য বনাইছে। তেৱেঁই তোমালোকৰ ওপৰত সুদৃঢ় আকাশ বনাইছে, যিখন ভাঙি পৰাৰ পৰা সুৰক্ষিত। তেৱেঁই তোমালোকক মাকৰ গৰ্ভত সুন্দৰ আকৃতি প্ৰদান কৰিছে। লগতে তেৱেঁই তোমালোকক হালাল তথা পৱিত্ৰ জীৱিকা প্ৰদান কৰিছে। যি সত্ত্বাই তোমালোকক এই সকলোবোৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আল্লাহ মহা বৰকতময়, তেৱেঁই গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো প্ৰতিপালক নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক