ছূৰা 40 · জুজ 24
Ghafir · 40:66
۞ قُلْ إِنِّي نُهِيتُ أَنْ أَعْبُدَ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَمَّا جَاءَنِيَ الْبَيِّنَاتُ مِنْ رَبِّي وَأُمِرْتُ أَنْ أُسْلِمَ لِرَبِّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি আহিছে। মই সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছো।
তাফছীৰ
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভুল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰি তেওঁৰ আনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টিজগতৰ ৰব্ব, তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক