ছূৰা 40 · জুজ 24

Ghafir · 40:5

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَالْأَحْزَابُ مِنْ بَعْدِهِمْ ۖ وَهَمَّتْ كُلُّ أُمَّةٍ بِرَسُولِهِمْ لِيَأْخُذُوهُ ۖ وَجَادَلُوا بِالْبَاطِلِ لِيُدْحِضُوا بِهِ الْحَقَّ فَأَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ

সিহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে আৰু সিহঁতৰ পিছত বহু দলেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে অসাৰ কথাত লিপ্ত হৈছিল যাতে ইয়াৰ দ্বাৰা সত্যক ব্যৰ্থ কৰিব পাৰে। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিলো। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!

তাফছীৰ

ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়, মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক