ছূৰা 40 · জুজ 24

Ghafir · 40:4

مَا يُجَادِلُ فِي آيَاتِ اللَّهِ إِلَّا الَّذِينَ كَفَرُوا فَلَا يَغْرُرْكَ تَقَلُّبُهُمْ فِي الْبِلَادِ

আল্লাহৰ আয়াতসমূহত বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশত সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।

তাফছীৰ

আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কুফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তিত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভুল নবুজিব। কাৰণ সেইবোৰ সিহঁতক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্তমূলকভাৱে প্ৰদান কৰা হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক