ছূৰা 40 · জুজ 24
Ghafir · 40:47
وَإِذْ يَتَحَاجُّونَ فِي النَّارِ فَيَقُولُ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا نَصِيبًا مِنَ النَّارِ
আৰু যেতিয়া সিহঁতে জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰী বিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?
তাফছীৰ
হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া জাহান্নামত অনুসাৰীসকল আৰু যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে পৰস্পৰে বিবাদ কৰিব। এতেকে দুৰ্বল অনুসাৰীসকলে অহংকাৰী নেতাসকলক উদ্দেশ্যি ক’বঃ পৃথিৱীত আমি তোমালোকৰ অনুসৰণ কৰি বিভ্ৰান্ত হৈছিলোঁ, এতিয়া তোমালোকে আমাৰ পৰা আল্লাহৰ এই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিবা নেকি?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক