ছূৰা 40 · জুজ 24
Ghafir · 40:48
قَالَ الَّذِينَ اسْتَكْبَرُوا إِنَّا كُلٌّ فِيهَا إِنَّ اللَّهَ قَدْ حَكَمَ بَيْنَ الْعِبَادِ
অহংকাৰী বিলাকে ক’ব, ‘নিশ্চয় আমি সকলোৱে ইয়াতেই আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।
তাফছীৰ
তেতিয়া অহংকাৰী নেতাসকলে ক'বঃ শুনা! নেতা আৰু অনুসাৰী আমি সকলোৱে এতিয়া জাহান্নামত আছোঁ। আমাৰ মাজৰ কোনেও এতিয়া কাৰো শাস্তি ভগাই ল'ব নোৱাৰে। যিহেতু আল্লাহে বান্দাসকলৰ মাজত চূড়ান্ত ফয়চালা কৰি দিছে, লগতে প্ৰত্যেককে উচিত শাস্তি বিহিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক