ছূৰা 40 · জুজ 24

Ghafir · 40:46

النَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّا وَعَشِيًّا ۖ وَيَوْمَ تَقُومُ السَّاعَةُ أَدْخِلُوا آلَ فِرْعَوْنَ أَشَدَّ الْعَذَابِ

পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।

তাফছীৰ

মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁতক অগ্নিৰ সন্মুখত উপস্থিত কৰা হয়। কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠিন তথা মহাশাস্তিৰ ভিতৰত নিক্ষেপ কৰা। কিয়নো সিহঁতে কুফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানুহক বাধা দিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক