ছূৰা 40 · জুজ 24

Ghafir · 40:43

لَا جَرَمَ أَنَّمَا تَدْعُونَنِي إِلَيْهِ لَيْسَ لَهُ دَعْوَةٌ فِي الدُّنْيَا وَلَا فِي الْآخِرَةِ وَأَنَّ مَرَدَّنَا إِلَى اللَّهِ وَأَنَّ الْمُسْرِفِينَ هُمْ أَصْحَابُ النَّارِ

‘এই বিষয়ে কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ কতো আহ্বানৰ যোগ্য নহয়। আমাৰ প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী বিলাক অগ্নিৰ অধিবাসী।

তাফছীৰ

এই কথা সত্য যে, তোমালোকে মোক যাৰ প্ৰতি বিশ্বাস কৰিবলৈ তথা যাৰ আনুগত্য কৰিবলৈ মাতি আছা, প্ৰকৃততে সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। আনকি আহ্বানকাৰীৰ উত্তৰ দিয়াৰো তাৰ সামৰ্থ নাই। নিশ্চয় আমি সকলোৱে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। কুফৰী আৰু গুনাহৰ দ্বাৰা সীমালংঘন কৰা লোকসকলেই হৈছে জাহান্নামী, কিয়ামতৰ দিনা সিহঁতে তাত প্ৰৱেশ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক