ছূৰা 40 · জুজ 24
Ghafir · 40:42
تَدْعُونَنِي لِأَكْفُرَ بِاللَّهِ وَأُشْرِكَ بِهِ مَا لَيْسَ لِي بِهِ عِلْمٌ وَأَنَا أَدْعُوكُمْ إِلَى الْعَزِيزِ الْغَفَّارِ
‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ লগত শ্বিৰ্ক কৰো, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছো মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।
তাফছীৰ
তোমালোকে মোক বাতিলৰ পিনে আহ্বান কৰি আছা, যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ; লগতে যাতে তেওঁৰ সৈতে এনেকুৱা উপাস্যৰ উপাসনা কৰোঁ, যিবোৰৰ উপাসনা সঠিক হোৱাৰ সপক্ষে মোৰ ওচৰত কোনো জ্ঞান নাই। পক্ষান্তৰে মই তোমালোকক মহাপৰাক্ৰমশালী আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছোঁ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ক্ষমাশীল, বান্দাসকলক ক্ষমা কৰি ভালপায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক