ছূৰা 40 · জুজ 24

Ghafir · 40:41

۞ وَيَا قَوْمِ مَا لِي أَدْعُوكُمْ إِلَى النَّجَاةِ وَتَدْعُونَنِي إِلَى النَّارِ

‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছো, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!

তাফছীৰ

হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকুৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কুফৰী কৰিবলৈ আৰু তেওঁৰ অবাধ্যতা কৰিবলৈ আৰু জাহান্নামত প্ৰৱেশ কৰাৰ প্ৰতি আহ্বান কৰি আছা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক