ছূৰা 40 · জুজ 24
Ghafir · 40:31
مِثْلَ دَأْبِ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَالَّذِينَ مِنْ بَعْدِهِمْ ۚ وَمَا اللَّهُ يُرِيدُ ظُلْمًا لِلْعِبَادِ
‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰবৰ্তী লোকসকলৰ লগত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।
তাফছীৰ
সেইসকল লোকৰ দৰে যিসকলে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়, আৰু যিসকলে সিহঁতৰ পিছত আহিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰ লগত অন্যায় কৰিব নিবিচাৰে। তেওঁ সিহঁতক কেৱল সিহঁতৰ গুনাহৰ কাৰণেহে উপযুক্ত শাস্তি বিহে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক