ছূৰা 40 · জুজ 24

Ghafir · 40:30

وَقَالَ الَّذِي آمَنَ يَا قَوْمِ إِنِّي أَخَافُ عَلَيْكُمْ مِثْلَ يَوْمِ الْأَحْزَابِ

মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰো যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;

তাফছীৰ

ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায়ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছুলসকলৰ বিৰুদ্ধে দল গঠন কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক