ছূৰা 40 · জুজ 24

Ghafir · 40:29

يَا قَوْمِ لَكُمُ الْمُلْكُ الْيَوْمَ ظَاهِرِينَ فِي الْأَرْضِ فَمَنْ يَنْصُرُنَا مِنْ بَأْسِ اللَّهِ إِنْ جَاءَنَا ۚ قَالَ فِرْعَوْنُ مَا أُرِيكُمْ إِلَّا مَا أَرَىٰ وَمَا أَهْدِيكُمْ إِلَّا سَبِيلَ الرَّشَادِ

‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবো, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।

তাফছীৰ

হে মোৰ জাতিৰ লোকসকল! আজি মিচৰৰ শাসনভাৰ তোমালোকৰ হাতত আছে, তথা তোমালোক ইয়াত প্ৰভাৱশালী। কিন্তু মুছাক হত্যা কৰাৰ ফলত যদি আমাৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰে তেন্তে কোনে আমাক ৰক্ষা কৰিব? ফিৰআউনে ক’লেঃ মোৰ পৰামৰ্শই হৈছে সঠিক পৰামৰ্শ, তথা মোৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত। গতিকে ফিতনা ফাছাদ আৰু উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ মোৰ সিদ্ধান্ত হৈছে মুছাক হত্যা কৰা হওক। মই তোমালোকক সঠিক তথা শুদ্ধ পথহে দেখুৱাই আছোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক