ছূৰা 40 · জুজ 24
Ghafir · 40:28
وَقَالَ رَجُلٌ مُؤْمِنٌ مِنْ آلِ فِرْعَوْنَ يَكْتُمُ إِيمَانَهُ أَتَقْتُلُونَ رَجُلًا أَنْ يَقُولَ رَبِّيَ اللَّهُ وَقَدْ جَاءَكُمْ بِالْبَيِّنَاتِ مِنْ رَبِّكُمْ ۖ وَإِنْ يَكُ كَاذِبًا فَعَلَيْهِ كَذِبُهُ ۖ وَإِنْ يَكُ صَادِقًا يُصِبْكُمْ بَعْضُ الَّذِي يَعِدُكُمْ ۖ إِنَّ اللَّهَ لَا يَهْدِي مَنْ هُوَ مُسْرِفٌ كَذَّابٌ
আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তি যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ ৰব কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ ওচৰৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰত আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ কিছুমান পৰিমাণ তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যি ব্যক্তি সীমালংঘনকাৰী, মিছলীয়া।
তাফছীৰ
ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে, যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মুছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্তক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকুৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰে তেওঁৰ দাবীৰ সত্যতা প্ৰমাণ কৰে যে তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপি সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদী হয়, তেন্তে তেওঁ তোমালোকক যি শাস্তিৰ পৰা সতৰ্ক কৰি আছে, অচিৰেই সেই শাস্তিয়ে তোমালোকৰ কিছুমানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁৰ ওপৰত আৰু ৰাছুলৰ ওপৰত মিছা অপবাদ জাপি দিয়ে, নিশ্চিতভাৱে আল্লাহে তেনেকুৱা ব্যক্তিক সত্যৰ তাওফীক প্ৰদান নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক