ছূৰা 40 · জুজ 24
Ghafir · 40:27
وَقَالَ مُوسَىٰ إِنِّي عُذْتُ بِرَبِّي وَرَبِّكُمْ مِنْ كُلِّ مُتَكَبِّرٍ لَا يُؤْمِنُ بِيَوْمِ الْحِسَابِ
মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো এনেকুৱা প্ৰত্যেক অহংকাৰীৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।
তাফছীৰ
মুছা আলাইহিচ্ছালামে ফিৰআউনৰ সকীয়নি গম পাই ক’লেঃ নিশ্চয় মই মোৰ তথা তোমালোকৰ প্ৰতিপালকৰ আশ্ৰয় গ্ৰহণ কৰিছোঁ, প্ৰত্যেক সেই ব্যক্তিৰ পৰা যিয়ে সত্য তথা ইয়াৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰে। লগতে যিয়ে কিয়ামত দিৱস, আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তিৰ প্ৰতি ঈমান পোষণ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক