ছূৰা 40 · জুজ 24
Ghafir · 40:21
۞ أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ كَانُوا مِنْ قَبْلِهِمْ ۚ كَانُوا هُمْ أَشَدَّ مِنْهُمْ قُوَّةً وَآثَارًا فِي الْأَرْضِ فَأَخَذَهُمُ اللَّهُ بِذُنُوبِهِمْ وَمَا كَانَ لَهُمْ مِنَ اللَّهِ مِنْ وَاقٍ
ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কেনেকুৱা হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত শক্তিত আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।
তাফছীৰ
এই মুশ্বৰিকসকলে পৃথিৱীত চলাফুৰা কৰা নাই নেকি, তেতিয়াহে চিন্তা কৰিব পাৰিলেহেঁতেন যে, বিগত অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল। নিশ্চিতভাৱে সিহঁতৰ শেষ পৰিণাম বেয়া আছিল। সেইবোৰ উম্মতৰ লোকসকল ইহঁততকৈও শক্তিশালী আছিল। পৃথিৱীৰ বুকুত এনেকুৱা এনেকুৱা অট্টালিকা নিৰ্মাণ কৰিছিল যিবোৰ ইহঁতৰ দ্বাৰা সম্ভৱ নহয়। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছিল। কোনেও সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক