ছূৰা 40 · জুজ 24
Ghafir · 40:20
وَاللَّهُ يَقْضِي بِالْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَقْضُونَ بِشَيْءٍ ۗ إِنَّ اللَّهَ هُوَ السَّمِيعُ الْبَصِيرُ
আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
তাফছীৰ
আল্লাহে ন্যায়ৰ সৈতে ফয়চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁতৰ ফয়চালা কৰাৰ কোনো অধিকাৰ নাই। কিয়নো সিহঁত একোৰেই অধিকাৰী নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী। তথা সিহঁতৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক