ছূৰা 40 · জুজ 24

Ghafir · 40:22

ذَٰلِكَ بِأَنَّهُمْ كَانَتْ تَأْتِيهِمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَكَفَرُوا فَأَخَذَهُمُ اللَّهُ ۚ إِنَّهُ قَوِيٌّ شَدِيدُ الْعِقَابِ

এইটো এই কাৰণে যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।

তাফছীৰ

এই শাস্তি সিহঁতে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁতৰ ওচৰত ধাৰাহিকভাৱে আল্লাহৰ ফালৰ পৰা ৰাছুল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰ শাস্তি বিহিব। আল্লাহ সৰ্বশক্তিমান, অতি পৱিত্ৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক