ছূৰা 4 · জুজ 5

An-Nisa · 4:95

لَا يَسْتَوِي الْقَاعِدُونَ مِنَ الْمُؤْمِنِينَ غَيْرُ أُولِي الضَّرَرِ وَالْمُجَاهِدُونَ فِي سَبِيلِ اللَّهِ بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ ۚ فَضَّلَ اللَّهُ الْمُجَاهِدِينَ بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ عَلَى الْقَاعِدِينَ دَرَجَةً ۚ وَكُلًّا وَعَدَ اللَّهُ الْحُسْنَىٰ ۚ وَفَضَّلَ اللَّهُ الْمُجَاهِدِينَ عَلَى الْقَاعِدِينَ أَجْرًا عَظِيمًا

মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় অথচ ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে, সিহঁত প্ৰত্যেকৰে বাবে আল্লাহে জান্নাতৰ প্ৰতিশ্ৰুতি দিছে। যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত যিসকলে জিহাদ কৰে তেওঁলোকক আল্লাহে মহাপুৰষ্কাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।

তাফছীৰ

আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকা মুমিন, যাৰ ওচৰত কোনো গ্ৰহণযোগ্য কাৰণো নাই, যেনে- বেমাৰ অথবা দৃষ্টি শক্তি নথকা আদি, সেই ব্যক্তিৰ সমান হব নোৱাৰে যিয়ে আল্লাহৰ পথত নিজৰ জান মালৰ সৈতে জিহাদ কৰে। আল্লাহে ঘৰত বহি থকা লোক সকলৰ ওপৰত সেইসকল লোকৰ মৰ্যদা বৃদ্ধি কৰিছে যিসকলে ধন-প্ৰাণৰ সৈতে আল্লাহৰ পথত জিহাদ কৰে। আনহাতে কাৰণবশতঃ ঘৰত বহি থকা লোকসকলৰ বাবে আৰু মুজাহিদ সকলৰ বাবে উচিত ছোৱাবৰ ব্যৱস্থা আছে। আনহাতে বহি থকা লোকসকলতকৈ মুজাহিদ সকলক আল্লাহে নিজৰ ফালৰ পৰা ডাঙৰ ছোৱাব প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক