ছূৰা 4 · জুজ 5
An-Nisa · 4:94
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا ضَرَبْتُمْ فِي سَبِيلِ اللَّهِ فَتَبَيَّنُوا وَلَا تَقُولُوا لِمَنْ أَلْقَىٰ إِلَيْكُمُ السَّلَامَ لَسْتَ مُؤْمِنًا تَبْتَغُونَ عَرَضَ الْحَيَاةِ الدُّنْيَا فَعِنْدَ اللَّهِ مَغَانِمُ كَثِيرَةٌ ۚ كَذَٰلِكَ كُنْتُمْ مِنْ قَبْلُ فَمَنَّ اللَّهُ عَلَيْكُمْ فَتَبَيَّنُوا ۚ إِنَّ اللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! যেতিয়া তোমালোকে আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱা তেতিয়া অনুসন্ধান কৰি লবা কাৰ লগত তোমালোকে যুদ্ধ কৰি আছা, আৰু যিয়ে কোনো কৰ্মৰ দ্বাৰা নিজৰ ইছলাম প্ৰকাশ কৰে তাক এই বুলি নকবা যে, তুমি মুমিন নহয় আৰু তুমি ভয়তে নিজৰ জান মাল ৰক্ষা কৰিবলৈ ইছলাম প্ৰকাশ কৰি আছা। এতেকে যুদ্ধলব্ধ সম্পদ তথা পাৰ্থিৱ জীৱনৰ তুচ্ছ সামগ্ৰীৰ লোভত পৰি তাক হত্যা নকৰিবা। শুনা! আল্লাহৰ ওচৰত অসংখ্য সম্পদ আছে, সেইবোৰ ইয়াতকৈ উত্তম আৰু ডাঙৰ। ইতিপূৰ্বে তোমালোকেও সেই ব্যক্তিৰ দৰেই আছিলা, যিয়ে নিজ সম্প্ৰদায়ৰ পৰা নিজৰ ঈমান গোপন কৰি ৰাখিছে। আল্লাহে তোমালোকক ইছলাম প্ৰদান কৰি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ তেজ সুৰক্ষিত কৰিছে। সেয়ে অনুসন্ধান কৰি লবা। নিশ্চয় তোমালোকৰ সৰুতকৈ সৰু আমলো আল্লাহৰ পৰা গোপন নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক