ছূৰা 4 · জুজ 5

An-Nisa · 4:93

وَمَنْ يَقْتُلْ مُؤْمِنًا مُتَعَمِّدًا فَجَزَاؤُهُ جَهَنَّمُ خَالِدًا فِيهَا وَغَضِبَ اللَّهُ عَلَيْهِ وَلَعَنَهُ وَأَعَدَّ لَهُ عَذَابًا عَظِيمًا

আৰু যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।

তাফছীৰ

যিয়ে জানি বুজি কোনো মুমিন ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, তাৰ পৰিণাম হৈছে জাহান্নাম, আৰু তাত সি চিৰকাল থাকিব। আৰু তাৰ ওপৰত থাকিব আল্লাহৰ ক্ৰোধ আৰু সি তেওঁৰ ৰহমতৰ পৰা আঁতৰ হ'ব। এই ডাঙৰ গুনাহৰ কাৰণেই আল্লাহে তাৰ বাবে মহা শাস্তি প্ৰস্তুত কৰি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক