ছূৰা 4 · জুজ 5
An-Nisa · 4:92
وَمَا كَانَ لِمُؤْمِنٍ أَنْ يَقْتُلَ مُؤْمِنًا إِلَّا خَطَأً ۚ وَمَنْ قَتَلَ مُؤْمِنًا خَطَأً فَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ وَدِيَةٌ مُسَلَّمَةٌ إِلَىٰ أَهْلِهِ إِلَّا أَنْ يَصَّدَّقُوا ۚ فَإِنْ كَانَ مِنْ قَوْمٍ عَدُوٍّ لَكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ ۖ وَإِنْ كَانَ مِنْ قَوْمٍ بَيْنَكُمْ وَبَيْنَهُمْ مِيثَاقٌ فَدِيَةٌ مُسَلَّمَةٌ إِلَىٰ أَهْلِهِ وَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ ۖ فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ تَوْبَةً مِنَ اللَّهِ ۗ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিলে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। যিয়ে সঙ্গতিহীন সি একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
কোনো মুমিনে আন কোনো মুমিনক হত্যা কৰা উচিত নহয়, ভুলবশতঃ হলে সেয়া সুকীয়া কথা। কিন্তু যিয়ে ভুলবশতঃ কোনো মুমিনক হত্যা কৰিব, সি কাফফাৰা হিচাপে এজন মুমিন দাস মুক্ত কৰিব লাগিব, আৰু হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিব লাগিব। আৰু যদি নিহত ব্যক্তিৰ আত্মীয়সকলে ৰক্তপণ ক্ষমা কৰি দিয়ে তেন্তে আদায় দিব নালাগিব। আৰু যদি নিহত ব্যক্তি শত্ৰু পক্ষৰ হয় কিন্তু নিহত ব্যক্তি মুমিন হয়, তেনে ক্ষেত্ৰত হত্যাকাৰীয়ে এজন মুমিন দাস আজাদ কৰিব, ৰক্তপণ দিয়াৰ আৱশ্যকতা নাই। আনহাতে নিহত ব্যক্তি যদি অমুছলিম হয় আৰু সিহঁতৰ লগত যদি তোমালোকৰ কোনো অঙ্গীকাৰ থাকে, যেনে জিম্মীসকল, তেন্তে হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰিব লাগিব। যদি দাস নাপায় অথবা দাস মুক্ত কৰাৰ সামৰ্থ নাথাকে তেন্তে একেলেঠাৰীয়ে দুমাহ চওম (ৰোজা) পালন কৰিব লাগিব। এই ধৰণৰ আদেশ এই কাৰণে দিয়া হৈছে, যাতে আল্লাহে তাক ক্ষমা কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাৰ কৰ্ম আৰু তাৰ নিয়ত সম্পৰ্কে অৱগত। চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক