ছূৰা 4 · জুজ 5
An-Nisa · 4:91
سَتَجِدُونَ آخَرِينَ يُرِيدُونَ أَنْ يَأْمَنُوكُمْ وَيَأْمَنُوا قَوْمَهُمْ كُلَّ مَا رُدُّوا إِلَى الْفِتْنَةِ أُرْكِسُوا فِيهَا ۚ فَإِنْ لَمْ يَعْتَزِلُوكُمْ وَيُلْقُوا إِلَيْكُمُ السَّلَمَ وَيَكُفُّوا أَيْدِيَهُمْ فَخُذُوهُمْ وَاقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ ۚ وَأُولَٰئِكُمْ جَعَلْنَا لَكُمْ عَلَيْهِمْ سُلْطَانًا مُبِينًا
তোমালোকে অনতিপলমে আৰু কিছুমান লোক পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো।
তাফছীৰ
হে মুমিনসকল! তোমালোকে মুনাফিকসকলৰ আন এটা দল পাবা, যিসকলে তোমালোকৰ ওচৰত প্ৰকাশ কৰে যে, সিহঁত মুমিন; যাতে সিহঁত নিৰাপদে থাকিব পাৰে। কিন্তু যেতিয়া নিজৰ কাফিৰ সম্প্ৰদায়ৰ ওচৰত যায় তেতিয়া কয় যে, আমি কাফিৰ, যাতে সিহঁতৰ পৰাও নিৰাপদে থাকিব পাৰে। সিহঁতক যেতিয়াই আল্লাহৰ লগত কুফুৰী কৰাৰ বাবে আৰু শ্বিৰ্ক কৰাৰ বাবে আহ্বান কৰা হয় তেতিয়াই সিহঁত আন্তৰিকতাৰে সেইটো কৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিসকলে যদি তোমালোকৰ লগত যুদ্ধ কৰা বন্ধ নকৰে আৰু সন্ধিৰ বাবে আগুৱাই নাহে আৰু হাত সামৰি নাথাকে তেন্তে সিহঁতক য’তেই পাবা ত’তেই হত্যা কৰা। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ আৰু হত্যা কৰাৰ আমি তোমালোকক স্পষ্ট প্ৰমাণ দিছো। কাৰণ সিহঁতে প্ৰতাৰণা কৰিছে আৰু যড়যন্ত্ৰ কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক