ছূৰা 4 · জুজ 5
An-Nisa · 4:90
إِلَّا الَّذِينَ يَصِلُونَ إِلَىٰ قَوْمٍ بَيْنَكُمْ وَبَيْنَهُمْ مِيثَاقٌ أَوْ جَاءُوكُمْ حَصِرَتْ صُدُورُهُمْ أَنْ يُقَاتِلُوكُمْ أَوْ يُقَاتِلُوا قَوْمَهُمْ ۚ وَلَوْ شَاءَ اللَّهُ لَسَلَّطَهُمْ عَلَيْكُمْ فَلَقَاتَلُوكُمْ ۚ فَإِنِ اعْتَزَلُوكُمْ فَلَمْ يُقَاتِلُوكُمْ وَأَلْقَوْا إِلَيْكُمُ السَّلَمَ فَمَا جَعَلَ اللَّهُ لَكُمْ عَلَيْهِمْ سَبِيلًا
কিন্তু (সিহঁতক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।
তাফছীৰ
কিন্তু সিহঁতৰ মাজৰ যিসকলে এনেকুৱা সম্প্ৰদায়ৰ ওচৰত গৈ উপস্থিত হয়, যি সম্প্ৰদায়ৰ লগত তোমালোকৰ যুদ্ধবিৰামৰ সন্ধি আছে, অথবা সিহঁত নিজেই যদি তোমালোকৰ ওচৰত এই অৱস্থাত আহে যে, সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰিছে, সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিব নিবিচাৰে আৰু নিজৰ সম্প্ৰদায়ৰ লগতো নহয়। আনহাতে আল্লাহে ইচ্ছা কৰিলে সিহঁতক তোমালোকতকৈ অধিক শক্তিশালী কৰিলেহেঁতেন, ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে আল্লাহে প্ৰদান কৰা শান্তিময় পৰিৱেশ স্বীকাৰ কৰা আৰু সিহঁতক হত্যা তথা গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকা। যদি সিহঁতে তোমালোকৰ পৰা পৃথক হৈ থাকে, আৰু তোমালোকৰ লগত যুদ্ধ নকৰি সন্ধি কৰিব বিচাৰে তেন্তে আল্লাহে সিহঁতক হত্যা অথবা বন্দী বনোৱাৰ কোনো পথ উন্মুক্ত ৰখা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক