ছূৰা 4 · জুজ 5

An-Nisa · 4:89

وَدُّوا لَوْ تَكْفُرُونَ كَمَا كَفَرُوا فَتَكُونُونَ سَوَاءً ۖ فَلَا تَتَّخِذُوا مِنْهُمْ أَوْلِيَاءَ حَتَّىٰ يُهَاجِرُوا فِي سَبِيلِ اللَّهِ ۚ فَإِنْ تَوَلَّوْا فَخُذُوهُمْ وَاقْتُلُوهُمْ حَيْثُ وَجَدْتُمُوهُمْ ۖ وَلَا تَتَّخِذُوا مِنْهُمْ وَلِيًّا وَلَا نَصِيرًا

সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।

তাফছীৰ

মুনাফিকসকলে কামনা কৰে যে, তোমালোকেও সিহঁতৰ দৰে সেইটোক অস্বীকাৰ কৰা যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ হৈছে। যাতে কুফৰৰ ক্ষেত্ৰত তোমালোক সমান হোৱা। সিহঁতৰ এই শত্ৰুতাৰ কাৰণে সিহঁতক বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে শ্বিৰ্কৰ নগৰৰ পৰা ইছলাম নগৰলৈ হিজৰত নকৰিব, যাতে সিহঁতৰ ঈমানৰ প্ৰমাণ পোৱা যায়। যদি সিহঁতে এইটো নকৰে আৰু নিজৰ স্থিতিত অটল থাকে তেন্তে সিহঁতক গ্ৰেপ্তাৰ কৰা আৰু য’তে পোৱা ত’তে হত্যা কৰা। আৰু সিহঁতৰ মাজৰ কাকো চোৱা চিতা কৰাৰ বাবে সংৰক্ষক নবনাবা লগতে শত্ৰুৰ বিৰুদ্ধে সহায়কাৰী হিচাপেও গ্ৰহণ নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক