ছূৰা 4 · জুজ 5
An-Nisa · 4:88
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ আল্লাহে সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
তাফছীৰ
হে মুমিনসকল! তোমালোকৰ কি হৈছে, মুনাফিকসকলৰ লগত ব্যৱহাৰৰ ক্ষেত্ৰত তোমালোক দুটা ভাগত বিভক্ত হলা? এটা দলে কয়ঃ সিহঁতে কুফৰ কৰিছে, গতিকে সিহঁতৰ লগত যুদ্ধ কৰা উচিত। আনহাতে দ্বিতীয় দলে কয়ঃ যিহেতু সিহঁত মুমিন, সেয়ে সিহঁতৰ লগত যুদ্ধ কৰা উচিত নহয়। তোমালোকে কিয় সিহঁতৰ বিষয়ে মতানৈক্য কৰিবলৈ ধৰিলা, অথচ আল্লাহে সিহঁতৰ বেয়া কৰ্মৰ কাৰণে সিহঁতক কুফৰ আৰু ভ্ৰষ্টতাৰ পিনে ওভোতাই দিছে? তোমালোকে সিহঁতক সঠিক পথত আনিব বিচৰা নেকি যাক আল্লাহে সত্য স্বীকাৰ কৰাৰ তাওফীক দিয়া নাই? আল্লাহে যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিবলৈ তুমি কোনো পথ সন্ধান কৰি নাপাবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক