ছূৰা 4 · জুজ 5

An-Nisa · 4:85

مَنْ يَشْفَعْ شَفَاعَةً حَسَنَةً يَكُنْ لَهُ نَصِيبٌ مِنْهَا ۖ وَمَنْ يَشْفَعْ شَفَاعَةً سَيِّئَةً يَكُنْ لَهُ كِفْلٌ مِنْهَا ۗ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ مُقِيتًا

যিয়ে ভাল কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। আৰু আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।

তাফছীৰ

যিয়ে আনৰ লগত ভাল ব্যৱহাৰ কৰিব, ফলত সি ছোৱাবৰ অংশীদাৰ হব আৰু যিয়ে আনৰ ক্ষতি সাধন কৰাৰ প্ৰয়াস কৰিব, ফলত সি গুনাহৰ অংশীদাৰ হব। আল্লাহে মানুহৰ সকলো কৰ্ম চাই আছে, তেওঁ মানুহক ইয়াৰ প্ৰতিদান দিব। এতেকে তোমালোকৰ মাজৰ যিয়ে কল্যাণ লাভৰ মাধ্যম হব, সি তাৰ অংশ অৰ্জন কৰিব, আনহাতে যিয়ে অকল্যাণ লাভৰ মাধ্যম হব, সিও নিজৰ ভাগ পাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক