ছূৰা 4 · জুজ 5
An-Nisa · 4:84
فَقَاتِلْ فِي سَبِيلِ اللَّهِ لَا تُكَلَّفُ إِلَّا نَفْسَكَ ۚ وَحَرِّضِ الْمُؤْمِنِينَ ۖ عَسَى اللَّهُ أَنْ يَكُفَّ بَأْسَ الَّذِينَ كَفَرُوا ۚ وَاللَّهُ أَشَدُّ بَأْسًا وَأَشَدُّ تَنْكِيلًا
এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।
তাফছীৰ
হে ৰাছুল! আপুনি আল্লাহৰ পথত তেওঁৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰক। আপোনাক আনৰ বিষয়ে সোধ-পোচ কৰা নহব আৰু বাধ্যও কৰা নহব। কিয়নো আপুনি কেৱল নিজকেই যুদ্ধৰ বাবে বাধ্য কৰিব পাৰে। লগতে মুমিনসকলক যুদ্ধৰ প্ৰেৰণা দিয়ক আৰু তেওঁলোকক প্ৰস্তুত কৰক। আশা কৰা যায় আল্লাহে আপোনালোকৰ যুদ্ধৰ দ্বাৰা কাফিৰসকলৰ শক্তি দমন কৰিব। নিশ্চয় আল্লাহ অধিক শক্তিশালী আৰু কঠোৰ শাস্তি প্ৰদানকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক