ছূৰা 4 · জুজ 5
An-Nisa · 4:86
وَإِذَا حُيِّيتُمْ بِتَحِيَّةٍ فَحَيُّوا بِأَحْسَنَ مِنْهَا أَوْ رُدُّوهَا ۗ إِنَّ اللَّهَ كَانَ عَلَىٰ كُلِّ شَيْءٍ حَسِيبًا
আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।
তাফছীৰ
যেতিয়া কোনোবাই তোমালোকক ছালাম দিয়ে তেতিয়া তোমালোকে তাক ছালামৰ তাতোকৈ উত্তম উত্তৰ দিবা অথবা অনুৰূপ উত্তৰ দিবা। যদিও উত্তম উত্তৰ দিয়াটোৱে ভাল। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্মৰ সংৰক্ষণকাৰী, তেওঁ তোমালোকৰ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক