ছূৰা 4 · জুজ 5
An-Nisa · 4:81
وَيَقُولُونَ طَاعَةٌ فَإِذَا بَرَزُوا مِنْ عِنْدِكَ بَيَّتَ طَائِفَةٌ مِنْهُمْ غَيْرَ الَّذِي تَقُولُ ۖ وَاللَّهُ يَكْتُبُ مَا يُبَيِّتُونَ ۖ فَأَعْرِضْ عَنْهُمْ وَتَوَكَّلْ عَلَى اللَّهِ ۚ وَكَفَىٰ بِاللَّهِ وَكِيلًا
আৰু সিহঁতে কয়, ‘আনুগত্য কৰো’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া ৰাতিত সিহঁতৰ এটা দলে যি কয় তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
তাফছীৰ
মুনাফিকসকলে কেৱল মুখেৰে কয় যে, আমি আপোনাৰ আদেশ পালন কৰিম আৰু তাত কোনো অৱহেলা নকৰো। কিন্তু যেতিয়া আপোনাৰ পৰা গুচি যায় তেতিয়া সিহঁতৰ এটা দলে গোপনে আপোনাৰ সন্মুখত ব্যক্ত কৰা বক্তব্যৰ বিপৰীতে চক্ৰান্ত ৰচনা কৰে। অথচ আল্লাহ সিহঁতৰ চক্ৰান্ত সম্পৰ্কে অৱগত আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব। এতেকে আপুনি সিহঁতৰ প্ৰতি মনোযোগ নিদিব, সিহঁতে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ সকলো বিষয় আল্লাহৰ ওপৰত এৰি দিয়ক আৰু তেওঁৰ ওপৰত ভৰসা কৰক, সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক