ছূৰা 4 · জুজ 5

An-Nisa · 4:82

أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا

সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।

তাফছীৰ

ইহঁতে কোৰআনৰ ওপৰত গৱেষণা কিয় নকৰে আৰু ইয়াক মনোযোগ সহকাৰে পাঠ কিয় নকৰে। যাতে এই কথা প্ৰমাণ হৈ যায় যে, কোৰআনৰ ভিতৰত কোনো মতানৈক্য অথবা পাৰস্পাৰিক অমিল নাই লগতে যাতে আপুনি লৈ অহা দ্বীনৰ সত্যতাৰ প্ৰতিও সিহঁত পতিয়ন যায়। যদি কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ ফালৰ পৰা হলেহেঁতেন তেন্তে ইয়াৰ বিধানত পাৰস্পাৰিক অমিল থাকিলেহেঁতেন আৰু ইয়াৰ অৰ্থত বহুত বেমেজালি পোৱা গলহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক