ছূৰা 4 · জুজ 5
An-Nisa · 4:80
مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ ۖ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।
তাফছীৰ
যিয়ে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ আনুগত্য কৰিব, সি দৰাচলতে আল্লাহৰ আদেশ পালন কৰিলে। আনহাতে হে ৰাছুল! যিয়ে আপোনাৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, তাৰ প্ৰতি আপুনি চিন্তিত নহব। কিয়নো আমি আপোনাক প্ৰহৰী বনাই প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ আমল সংৰক্ষণ কৰিব। সিহঁতৰ আমলৰ গণনা আৰু হিচাপ লোৱাৰ দায়িত্ব কেৱল আমাৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক