ছূৰা 4 · জুজ 5
An-Nisa · 4:73
وَلَئِنْ أَصَابَكُمْ فَضْلٌ مِنَ اللَّهِ لَيَقُولَنَّ كَأَنْ لَمْ تَكُنْ بَيْنَكُمْ وَبَيْنَهُ مَوَدَّةٌ يَا لَيْتَنِي كُنْتُ مَعَهُمْ فَأَفُوزَ فَوْزًا عَظِيمًا
আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে অৱশ্যে সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন’।
তাফছীৰ
হে মুছলিমসকল! যদি তোমালোকে বিজয় অথবা যুদ্ধলব্ধ সম্পদ হিচাপে আল্লাহৰ অনুগ্ৰহ লাভ কৰা, তেন্তে যুদ্ধৰ পৰা আঁতৰি থকা এই ব্যক্তিয়েই কব, যদি ময়ো এওঁলোকৰ লগত যুদ্ধত অংশগ্ৰহণ কৰিলোহেঁতেন তেন্তে ময়ো এওঁলোকৰ দৰে বৰ ডাঙৰ সফলতা অৰ্জন কৰিলোহেঁতেন। তাৰ এই ব্যৱহাৰে এইটো প্ৰকাশ কৰে যেনিবা সি তোমালোকৰ অন্তৰ্ভুক্তই নাছিল তথা তাৰ আৰু তোমালোকৰ মাজত কোনো সম্পৰ্কই নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক