ছূৰা 4 · জুজ 5

An-Nisa · 4:72

وَإِنَّ مِنْكُمْ لَمَنْ لَيُبَطِّئَنَّ فَإِنْ أَصَابَتْكُمْ مُصِيبَةٌ قَالَ قَدْ أَنْعَمَ اللَّهُ عَلَيَّ إِذْ لَمْ أَكُنْ مَعَهُمْ شَهِيدًا

আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰে। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি কয়, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলো’।

তাফছীৰ

হে মুছলিমসকল! তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কাপুৰুষতাৰ কাৰণে শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ ওলাই নাযাব আৰু আন আন লোক সকলকো বাধা প্ৰদান কৰিব। দৰাচলতে ইহঁত মুনাফিক আৰু দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তি। আৰু যদি তোমালোক নিহত হোৱা অথবা তোমালোকে পৰাজয় বৰণ কৰা তেন্তে সিহঁতে উত্ফুল্লিত হৈ কব, এয়া আল্লাহৰ অনুগ্ৰহ যে, মই যুদ্ধত অংশগ্ৰহণ কৰা নাছিলো, অন্যথা আজি মোৰো সেই অৱস্থা হলেহেঁতেন, যিটো এওঁলোকৰ হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক